Pages

Tuesday, July 14, 2015

লুইতত ভোটোঙাই ওলাল শিহু by Bhupen Hazarika



লুইতত ভোটোঙাই ওলাল শিহু 
আজি বোলে ৰঙালী বিহু বিহু
যেন লেতেকুৰে থোক
এ' দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাই যা ধেমালি চা।
সমাজৰ পথাৰত কোন খেলুৱৈয়ে
কাক বা সাজিছে ঢোপ
ৰাইজৰ এইগাল লোক
দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাই যা, ধেমালি চা।
এ' ইফালেদি লথিয়ায়-- ৰংমন-ভদীয়াক
সিফালেদি লথিয়ায় তোক
নাজিতৰা, ইফালেদি লথিয়ায় তোক
ৰঙালী বিহুটিক কঙালী কৰিলে
পোটৰো নুগুচে ভোক
নাজিতৰা, পেটৰো নুগুচে ভোক
এহ দুদিন বিহু কৰি এবছৰ কান্দিবি
গিলিবি দুখৰহে ঢোক
এ' ৰাইজৰ এইগাল লোক
এ' দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাই য়া, ধেমালি চা।
এ' বিহু কাপোৰ বিচাৰি খালো হাবাথুৰি
সূতাও মহঙা হ'ল ঐ গোৱিন্দাই ৰাম
হুৰৰ বৰ বৰ দেউতাৰ পদূলি সাঁৰোতে
ককাল মোৰ ভাগিয়ে গ'ল ঐ গোৱিন্দাই ৰাম
চাওঁতে চাওঁতে গ'লবাৰ বিহুতে
গৰুহাল বন্ধকীত গ'ল ঐ গোবিন্দাই ৰাম
কোনোবা সমুদ্ৰত বোমা ফুটুৱালে
ক'ৰবাত পৰিলে ছাঁই
এগণ্ডা বোমাৰে পৃথিৱী পুৰিব
ক'ৰবাৰ ৰণ বলিয়াই
উদজান বোমাৰে গুণগান বখানি
ন'কবি ভণী তই মোক
বোলো ৰণ হ'লে খাম কি
ৰণ হ'লে গাম কি
মৰিব দেশৰহে লোক
শান্তিৰে নিঃজৰাত নিজৰি নঃ নগলে
আমি হ'ম বৰশীৰে টোপ
অতিকৈনো চেঃ চেনেহৰ বহাগৰনো বিঃ বিহুটিৰ
সুৰটিনো পাবগৈ লোপ
ৰাইজৰ এইগাল লোক
দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাইযা ধেমালি চা
বোৱতী সূতিটিক ভেটিবযে নোৱাৰি অ' আইতা
ভেটা ভাঙে ঘনে ঘনে
দেশৰে ৰাইজে অ' আইতা কঢ়িয়াই লৈ যোৱা
অ' আইতা সময়ক ভেটিব কোনে ...

No comments:

Post a Comment